অসম বিজ্ঞান সমিতিলৈ স্বাগতম

অসম বিজ্ঞান সমিতিৰ ৫৫সংখ্যক ঢকুৱাখনা অধিৱেশন

Back to Events


২০২৫ বৰ্ষৰ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ বিজ্ঞান কর্মী, লেখক, সাহিত্যিক, পৰিৱেশকর্মী আৰু শিক্ষাৰ্থীসকলৰ সক্রিয় অংশগ্রহণেৰে ঢকুৱাখনাৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত আৰম্ভ হৈছে অসমত বিজ্ঞান শিক্ষা, চিন্তা, সাহিত্যৰ পথ প্রদর্শক অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক ঢকুৱাখনা অধিৱেশন। কার্যসূচী অনুসৰি পুৱা অসম বিজ্ঞান সমিতি, সমিতিৰ ঢকুৱাখনা শাখা আৰু আদৰণী সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে সভাপতি ড° ধীৰেশ্বৰ কলিতা, ঢকুৱাখনা শাখাৰ সভাপতি দিগেন্দ্ৰনাথ হাজৰিকা আৰু আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ ফুকনে। ইয়াৰ পাছতে স্মৃতি তর্পন কৰে প্রধান সচিব মৃণাল কুমাৰ হাজৰিকাই। পৰৱৰ্তী সময়ত প্রদর্শনীৰ দ্বাৰ উদঘাটন কৰে ভাৰত জন বিজ্ঞান যাত্ৰাৰ সম্পাদক ড° মনোজ কুমাৰ পাটোৱাৰীয়ে। পৰৱৰ্তী কাৰ্যসূচী অনুসৰি আনুষ্ঠানিকভারে কেওটা অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিশিষ্ট বিজ্ঞান লেখক ড° অৱনী কুমাৰ ভাগৱতীয়ে। তেখেতে ভাষণত ঢকুৱাখনাৰ পৰিৱেশ সংৰক্ষণ চেতনাৰ লগতে অঞ্চলটোৰ বিজ্ঞান শিক্ষা আৰু মনস্কতাৰ ঐতিহ্য সম্পর্কে অৱলোকন কৰে।
                                                                 


ক্ষেত্ৰলৈয়ো অভূতপূর্ব পৰিবৰ্তন আহিছেবিজ্ঞান শিক্ষাৰ প্ৰচাৰ, প্ৰসাৰ আৰু জনমুখী কৰাৰ ক্ষেত্রত অসম বিজ্ঞান সমিতিৰ ভূমিকাৰ কথাও তেখেতে উল্লেখ ইয়াৰ পাছতে ইন্দিবৰ বুঢ়াগোঁহাঞি সম্পাদিত অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা অধিৱেশনৰ স্মাৰক গ্ৰন্থ "বীক্ষণ" উন্মোচন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়েএই অনুষ্ঠানতেই "বিজ্ঞান জেউতি" উন্মোচন কৰে ড° অমিয়া ৰাজবংশী আৰু ড° মুকুন্দ ৰাজবংশীয়ে

এই
অনুষ্ঠানতেইবিজ্ঞান বার্তা দুটাকৈ সংখ্যা উন্মোচন কৰে বিজ্ঞান বার্তাৰ মুখ্য সম্পাদক নিৰোদ কুমাৰ বৰা আৰু সম্পাদক পংকজ কুমাৰ বৰুৱাইইয়াৰ লগতে অসম বিজ্ঞান সমিতিৰ বহুকেইখন গ্রন্থ উন্মোচন কৰা হয়। অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা অধিবেশন উপলক্ষে গণেশ গগৈ প্রেক্ষাগৃহত ড° সত্যৰঞ্জন নেওগৰ সঞ্চালনাত বিশেষ বক্তৃতানুষ্ঠানৰ কার্যসূচী সম্পন্ন হৈ যায়কার্যসূচীত কৃত্রিম বুদ্ধিমত্তা আৰু ইয়াৰ ভবিষ্যত সম্পর্কে সহজ সৰল ভাষাৰে আলোকপাত কৰে সমল ব্যক্তি ড° ইফটাক হুছেইনে

ঢকুৱাখনা নগৰৰ 'হোমেন বৰগোহাঞি ক্ষেত্ৰ'ত ৪, ৫ আৰু ৬ মাৰ্চ/২০২৫ তাৰিখে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত অসম বিজ্ঞান সমিতিৰ ৫৫ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সভা গণেশ গগৈ প্ৰেক্ষাগৃহত তৃতীয় তথা শেষৰটো দিনৰ আবেলিলৈ অনুষ্ঠিত হোৱা বিষয় বাচনি সভাই ড০ অৰূপ কুমাৰ মিশ্রক সভাপতি আৰু মৃণাল কুমাৰ হাজৰিকাক প্রধান সচিব হিচাপে লৈ নতুন কার্যনির্বাহক সমিতিখন গঠন কৰে। উল্লেখযোগ্য যে কার্যনির্বাহক সমিতিখনৰ সকলো পদবীৰ প্রার্থী বাবে বিনা প্রতিদ্বন্দ্বীতাই নির্বাচিত হয়। 


-
প্রতিবেদক - নিৰোদ কুমাৰ বৰা (যুটীয়া সচিব)